A child died burn by fire

 ৮ মহীয়া সন্তানক শুৱাই থৈ দোকানলৈ গৈছিল মাতৃ, শুই থকা অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু দেৱশিশুৰ


উক্ত ৰহস্যজনক অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। হোজাই জিলাৰ কাকী টঙিয়া গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গাঁওখনৰ হাছেন আহমেদ নামৰ লোকজনৰ ঘৰত আকস্মিকভাৱে জুইৰ সূত্ৰপাত হোৱাত শুই থকা অৱস্থাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় এটি ৮ মহীয়া শিশুৰ। জুইত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা শিশুটিৰ নাম তাচমিনা খাতুন। কৰ্মসূত্ৰে পিতৃ হাছেন আহমেদ কেৰালাত থকাৰ বিপৰীতে মাতৃ নাজমিনা বেগমে সন্তানক শুৱাই দোকানলৈ যোৱাৰ সময়তে সংঘটিত হয় এই কৰুণ ঘটনাটো। ঘটনাৰ সময়ত ঘৰত শিশুটিৰ বাহিৰে আন দুটি শিশু আছিল যদিও অন্য শিশু দুটিয়ে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে। উক্ত ৰহস্যজনক অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News Hojai | শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য নিউজ ৱেবছাইট News Hojai|

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏



Post a Comment

0 Comments