হােজাইৰ অৰুণােদয় ছিনিয়ৰ চেকেণ্ডৰী। স্কুলৰ বার্ষিক অধিবেশন সম্পন্ন।

 হােজাইৰ অৰুণােদয় ছিনিয়ৰ চেকেণ্ডৰী।

স্কুলৰ বার্ষিক অধিবেশন সম্পন্ন।


Annual Function 2022

১ এপ্রিল ২০১৪ চনত স্থাপিত হােৱা হােজাইৰ অৰুণােদয় ছিনিয়ৰ চেকেণ্ডেৰী স্কুলত কালি অনুষ্ঠিত হয়নৱম বার্ষিক অধিবেশনৰ মুকলি সভা। 

সভাত সাহিত্য একাডেমী অনুবাদক বঁটা প্রাপক অনুবাদক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা শীর্ষক বিষয়ৰ ওপৰত এক গুৰুত্ব বক্তৃতা প্রদান কৰি ভাষণ প্রসংগত দেৱতাসকলে অমৃত পােৱাৰ কোনাে লক্ষ্য অবিহনে জীৱন যাপন কৰে, পশু সকলে অলপ খাবলৈ পালেই সন্তুষ্টহয় কিন্তু মানুহে জীৱনৰ লক্ষ্যৰ বাবে কষ্ট কৰিব লাগে আৰু সেই কষ্টই জীৱনৰ পৰিপূর্ণতা লাভ কৰে। সেয়ে দেৱতা,পশুতকৈ শ্রেষ্ঠ মানুহ । 

তেখেতে মুকলি সভাৰ আগতে জি চি চি জুনিয়ৰ কলেজ কর্তৃপক্ষই নতুনকৈ | নির্মাণ কৰা এটা বিজ্ঞান পৰীক্ষাগাৰ উদ্বোধন কৰে। পৰীক্ষাগাৰ উদ্বোধনৰ পিছত বিদ্যালয় প্রাংগণত অনুষ্ঠিত মুকলি সভাত কথ উপনিষদৰ নচিকটা আৰু মহাভাৰতৰ দুটা কাহিনীৰ জৰিয়তে ভাৰতীয় দর্শন সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । 

উক্ত সভাত বিশিষ্ট অনুবাদক জনৰ লগতে,বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ডঃ সাৰদানন্দ দেৱ গােস্বামী, জিলা সাহিত্য সভাৰ সম্পাদক অনুপ বৰঠাকুৰ, সমাজসেৱক শিৱ নাথ বর্মন, উমা শংকৰ গােস্বামী, সংস্কৃত গীতা অসমীয়ালৈ অনুবাদ কৰা ৰেণুকাদেৱী, শিক্ষক বিনােদ বিহাৰী সিংহৰ উপৰিও কেইবাজনাে বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

মুকলি সভাত বিশিষ্ট অনুবাদক জনে স্বামী বিবেকানন্দ, ঋষি অৰবিন্দ, ৰামকৃষ্ণ পৰমহংস আৰু গীতৰ ওপৰত বক্তব্য প্রদান কৰি ছাত্র ছাত্ৰী সকলৰ জীৱনৰ আদর্শ সম্পর্কত বক্তব্য প্রদান কৰি , নিজকে আম্বানী আদানীৰ অধীনত চাকৰি কৰাতকৈ নিজেইঅম্বানী আদানীৰ দৰে চাকৰি দিব পৰা হ'বলৈ আহ্বান জনায় ।


Thanks for watching and sharing loves

Post a Comment

0 Comments